Photos
Posts

চাওঁতে চাওঁতে বিহু আহি পালেহিয়েই..... সেই ৰজাজনৰ বোৱাৰী কেইজনীৰ dialogue কেইটা মনত পৰি গ’ল... হে: হে: হে:

"চ’ত মাহ পৰিল| আজিৰ বাজে কাইলৈ ব’হাগ বিহু| বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাবোৰৰতো কথাই নাই| সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই- কেনেকৈনো ফুলাম গমোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰ চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভবিয়েই সিহঁত অস্থিৰ| সিহঁতে দিনৰ দিনটো ত...াঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়| আজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে| বিহু পলেহিয়েই বুলিব লাগে| বৰজনীয়ে মজুজনীক মাত লগালে, “ৰুকুণীৰ মাক, ত‍ই এইবাৰ বিহুৰ কেইদিন আগেয়ে মাৰৰ ঘৰলৈ যাবি? ম‍ই হ’লে উৰুকাৰ দিনাহে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম| তাৰ উপৰিও ল’ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগে চোন| তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাঁহক, ম‍ই আগেয়ে ল’ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ| আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল|” ৰুকুণীৰ মাকে ক’লে, “এৰা বাই, মোৰ চোন একেই গতিয়েই; তোমাতকৈ অলপহে কম| তেও ম‍ই দুদিনৰ আগেয়ে যাম বুলি ভাবিছোঁ| ত‍ই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?” গঙাইৰ মাকে উত্তৰ দিলে, “ম‍ই তিনিদিনমানৰ আগেয়ে যাম বুলি ভবিছোঁ|” গঙাইৰ মাকৰ পিছৰজনীয়ে ক’লে, “ম‍ই হ’লে চাৰিদিনৰ আগেয়ে যাম; আৰু একেবাৰে গা খালি হ’লেহে আহিম| গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়| উস্‍ মোৰ সোণামোৱা থকাহেঁতেন! সি মোমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ’লহেতেন| কণা গোসাঁইৰ মোতেহে চকু পৰিল|” এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, “ম‍ই পাঁচদিনৰ আগেয়ে যাম|” সৰু মাজিজনীয়েও টপৰাই মাতিলে, “ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দৰৰ মুখত ভাত দিম|” "

See More

হে প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন....(শুভৰাত্ৰি)

Posts

.............................চিলনীৰ জীয়েকৰ সাধু....................................

এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক ক’লে, “যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছোঁ তোক নগাক বেচিম।” গিৰীয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ল’ৰা পাবৰ ওচৰা-ওচৰি হ’লত কুমাৰৰ ঘৈণীয়েক মাকৰ ঘৰলৈ গ’ল। কিন্তু কি দুৰ্কপাল, এই...

Continue Reading

......................................বুঢ়া-বুঢ়ী আৰু শিয়াল.......................................

এহাল বুঢ়া বুঢ়ী আছিল| এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কেইটামান শিয়ালে আহি বুঢ়াক মাত লগালে, “ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে, “বোপাহঁত, ম‍ই কচু কেঁচাই ৰুইছোঁ|” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে, “ককা, আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক| আৰু য’ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে|...

Continue Reading

হা দৈ ... আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই .......(শুভৰাত্ৰি)

..............................কটা যোৱা নাক, খাৰণী দি ঢাক...............................

এক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰেটাৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল| কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়| যঁতৰৰ কেৰ্কেৰণিৰ লগে লগে সিহঁতৰ শাক-খোৱা, ভাত-খোৱা, মাছ-খোৱা সকলো কথাই ওলাই পৰে|

চ’ত মাহ পৰিল| আজিৰ বাজে কাইলৈ ব’হাগ বিহু| বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এ...

Continue Reading

......................................লটকন.............................................

এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা-কড়ি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈনীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, “মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ।” ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।
বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈক...

Continue Reading

....................................নুমলীয়া পো......................................

এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি-ভাবি পুতেকৰ নাম কি থ’ব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুছি তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম “নোমল” দিলে।
বুঢ়াই গণকক পানী-গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল” কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহ...োঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল” “নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা-ওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোঁজ উভালি নাওখন মেলিবলৈ ধৰোঁতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে।” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে; বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিফালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি, মাথোন বাৰে বাৰে “নেমেল” “নেমেল” কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল– “উস কটা! ইমানদিন ইয়াতে থাকি আজি দিন-বাৰ চাই নাৱখন মেলিবলৈ হুকুম দিলোঁ, আপদীয়া এইটোৱে ক’ৰবাৰপৰা আহি মোৰ শুভ-যাত্ৰাত বিঘিনি জন্মালে। কটা ধৰ ইয়াক।” এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটন দিয়ালে। মাৰ খাই বুঢ়াই “নেমেল” বুলিবলৈ পাহৰি “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” বুলিবলৈ ধৰিলে। বুঢ়াই “নহ’বৰ হ’ল” “নহ’বৰ হ’ল” কৈ গৈ আছে, এনেতে সেই বাটেদিয়েই ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াৰ সেই “নহ’বৰ হ’ল” কথাটো শুনি ভাবিলে. সি ভালকৈ ধুন-পেচ্‌ মাৰি সাজ-পাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই “নহ’বৰ হ’ল” কথাষাৰো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি কৈ যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ পাৰ হৈ গৈছিল; সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা-গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুঁচৰি-বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক’লত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, “বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন?” বুঢ়াই ক’লে,- “কিলৰ তাপত মোৰ মনৰ পৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পাহৰিলোঁ।”
বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক’লে, “পাহৰিলা যদি, পাহৰিলা, কি কৰিম। ল’ৰাৰ নাম থোৱা হ’ল আৰু; এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোৱা|" “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একোনাই হৈ বুঢ়ীক ক’লে,- “হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ কিল খুৱালি?” এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে।
ইয়াৰ পিছত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম ‘নোমল’ দি খাই-বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ।

See More

আমাৰ কাপোৰ কানি ক'লা হ'ল, ঘৰলৈ উভতি আহিলোঁ ।

চম্পাৱতী....
http://www.youtube.com/watch?v=Uc6_Wlb4f3k

Movie : Champawati Artist : Borkha Rani Bisoya,Bhagwat Pirtam Director : Gautam Barua
youtube.com

..................................তীখৰ আৰু চুটিবাই.........................................

এক গাৱঁত এহাল মাউৰা ল'ৰা-ছোৱালী আছিল। ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি–চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি–জাগৰি ঠোঙোনা মোঙোনা খাই বৰ দুখত উঠিছিল।
সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, -
"চুটি –মুটি বাই,...

Continue Reading

.............................. মেকুৰীৰ জীয়েকৰ সাধু........................................

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল | তাই গাভিনী হৈছিল | ঘৰৰ গিৰিহঁতনীৰো ঠিক সেই সময়তে গা-ভাৰী আছিল | মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে | গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে, ত‍ই চপাই কোচাই আনি দিলেহে ম‍ই খাবলৈ আনি দিব পাৰোঁ | নহ’লেনো ম‍ই ক’ৰপৰা দিম ?” ইয়াকে শুনি মেকুৰিজনীয়ে সেই দিনাখনৰপৰা অ‍ইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডকা-হকা দি কোনোৰকমে মাছ...

Continue Reading

..................................... দীঘল ঠেঙীয়া.........................................

এজনী বুঢ়ী আছিল | তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল | তাই শোৱা ঘৰটো বৰ পুৰণি | তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে | এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে, "এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন" এই বুলি চাঙত উঠি শুই থাকিল |
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল |...

Continue Reading

1000 likes..and counting.. Its more than a century the book was first written... but its amazing to see the love people still possess towards this masterpiece of Assamese literature...
পঢ়ক, পঢ়োৱাওক আৰু যিসকলে অসমীয়া পঢ়িব নাজানে তেওঁলোকক পঢ়ি শুনাওক...
..................................................................ধন্যবাদ (Thank You)

..........................................তেজীমলা.........................................

এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন জীয়েক আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি মাহীমাকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হলে পেটে-পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।

আজি-ক...

Continue Reading

....................................... সৰবজান ........................................

কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন-পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰপৰা উঠি ঘৈণীয়েকক ক'লে,-"আজি ডাৱৰীয়া বতৰ ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।" গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে,-"পিঠালৈ বৰাধ...

Continue Reading

..........................................কুকুৰীকণা......................................

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল | ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ গুণেশ্বৰী | ৰূপেশ্বৰীক বিয়া দিবৰ হ'লত,বাপেকে তাৰ গাঁৱত অনেক প্ৰৱন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে | সেইদেখি দূৰৰ গাঁৱৰ দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল | এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে,-"আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ | ওচৰতে বিয়া দিলে মইৰ সততে ছ...

Continue Reading